The Wayback Machine - http://web.archive.org/web/20251122085821/https://as.wordpress.org/

WordPress-ৰ সৈতে চিনাকি হওক

সৃষ্টিকৰ্তা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি বাণিজ্যিক প্ৰতিষ্ঠানলৈকে—বিশ্বজুৰি লাখ লাখ ৱেবছাইটৰ পছন্দৰ মুক্ত উৎসৰ প্ৰকাশন-সম্বন্ধীয় প্লেটফৰ্ম।

Image
বিভিন্ন ব্লক, অনুচ্ছেদ আৰু কভাৰৰ ব্যাখ্যাচিত্ৰ।

ডিজাইন কৰক

লেহুকা ডিজাইন-সম্বন্ধীয় সা-সঁজুলি আৰু ব্লকৰ শক্তিৰে যিকোনো ৱেবছাইটৰ সৃষ্টি কৰক। এটা খালী কেনভাছৰ সৈতে আৰম্ভ কৰক নাইবা এটা থীম বাছি লওক। প্ৰতিটো খুঁটি-নাটি কাষ্টমাইজ কৰক—কোনো ক’ডৰ প্ৰয়োজন নাই।

ব্লক টুলবাৰৰ সৈতে এটা ছবি ব্লকৰ ব্যাখ্যাচিত্ৰ।

সাজক

আপোনাৰ ছাইটটো বাস্তৱ সময়ত কেনে দেখা যাব সেয়া চাওক, আনকি আপুনি বিষয়বস্তু যোগ, সম্পাদনা আৰু ইফাল-সিফাল কৰি থকা অৱস্থাতো—সহজজ্ঞেয় সম্পাদনা আৰু এই সকলোবোৰ পৰিচালনা কৰিবলৈ সংহত সুবিধাৰ সৈতে।

ব্লক এডিটৰ ব্যৱহাৰ কৰি চাওক

টুৱেণ্টী টুৱেণ্টী-ফাইভ থীমৰ স্ক্ৰীনশ্বট।

প্ৰসাৰিত কৰক

আপোনাৰ ছাইটটোক আপুনি যি কৰাব বিচাৰে তাকেই কৰিবলৈ দিয়ক। দোকান, বিশ্লেষণ, সংবাদ-পত্ৰ, ছ’চিয়েল মিডিয়াৰ সংহতি যোগ কৰক; প্লাগিনৰ এক বিস্তৃত লাইব্ৰেৰীৰ সৈতে নিয়ন্ত্ৰণ আপোনাৰ হাতত।

কি কি নতুন আছে— চাওক

আৰু নতুনকৈ সুসংগঠিত শৈলী-পুথিক আপোনাক সৰ্বোত্তম দৃশ্য দিবলৈ দিয়ক। ব্লক থীমত ব্যৱহাৰ কৰা সহজ, ই কিছুমান ক্লাছিক থীমত আপুনি কিহৰ সৃষ্টি কৰি আছে সেয়া চোৱাৰ এক উন্নত পদ্ধতিও। এই সকলোবোৰ কৰক কাৰিকৰী দিশত হোৱা উন্নতিসাধনেৰে দ্ৰুততৰ গতিত আৰু আগতকৈ শক্তিশালী পাছৱৰ্ড হেশ্বিঙেৰে আগতকৈ একেবাৰে সুৰক্ষিতভাৱে।

Image
WordPress-ৰ অনুষ্ঠান এটাত দৰ্শকসকলৰ মাজত থকা উত্তেজিত, হাতচাপৰি বাই থকা অংশগ্ৰহণকাৰীসকলৰ এখন ক’লা-বগা ফটো।

WordPress-ৰ শেহতীয়া বাতৰি

অধিক বাতৰি