সমললৈ যাওক

১৪ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮

১৪ ফেব্ৰুৱাৰী (ইংৰাজী: 14 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২০টা দিন (অধিবৰ্ষত ৩২১ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ১৫৫৬ – আকবৰৰ ৰাজ অভিষেক কৰা হয়।
  • ১৮৮১ - ভাৰতবৰ্ষৰ প্ৰথম হোমিওপেথিক মেডিকেল কলেজ কলকাতাত স্থাপন কৰা হৈছিল।
  • ১৮৯৯ - আমেৰিকাত প্ৰথম ভোটিং মেচিনৰ ব্যৱহাৰ কৰা হয়।
  • ১৯২৯ - বেক্টেৰিয়াবিদ ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে আধুনিক চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ আবিষ্কাৰ বেক্টেৰিয়া নিমূৰ্লকাৰী যুগান্তকাৰী এণ্টিবায়োটিক পেনিচিলিন আবিষ্কাৰ কৰে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হৈছিল ১৮৮১ চনৰ ৬ আগষ্টত। ১৯৫৫ চনৰ ১১ মাৰ্চত মৃত্যু। তেওঁক ১৯৪৫ চনত নোবেল বঁটা প্ৰদান কৰা হয়।
  • ১৯৪৬ - যুক্তৰাজ্যৰ কেন্দ্ৰীয় বেংক, বেংক অফ ইংলেণ্ডৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। চুইডেনৰ স্ভেৰিজেচ ৰিস্কবেংকৰ পিছত এইটোৱেই বিশ্বৰ দ্বিতীয় প্ৰাচীন কেন্দ্ৰীয় বেংক আৰু বিশ্বৰ ৮ম প্ৰাচীন বেংক।
  • ১৯৯০ – ভয়েজাৰ ১ মহাকাশযানে প্ৰথম পৃথিৱীৰ আলোকচিত্ৰ তোলে, যি পেল ব্লু ডট (Pale Blue Dot) নামেৰে প্ৰসিদ্ধ হয়।
  • ২০০৩ - পৃথিৱীৰ প্ৰথম ক্লোনিং ভেড়া ডলীক মাৰি পেলোৱা হয়। নানা ৰোগে আক্ৰমণ কৰাৰ বাবে বিজ্ঞানীসকলে ডলীক মাৰি পেলাবলৈ বাধ্য হয়। ১৯৯৬ চনৰ ৫ জুলাইত স্কটলেণ্ডৰ ৰোজালিন ইনষ্টিটিউটত ডলীৰ জন্ম হৈছিল। ডলীৰ জন্মৰ কথা লুকুৱাই ৰখা হৈছিল যদিও ১৯৯৭ চনৰ ২২ ফেব্ৰুৱাৰীত এই কথা ৰাজহুৱা ভাৱে প্ৰকাশ কৰা হয়।
  • ২০০৫ - ভিডিঅ' বিতৰণৰ ৱেবছাইট ইউটিউব আৰম্ভ কৰা হৈছিল।
  • ২০১৯ - পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন ভাৰতীয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কৰ্মী নিহত হৈছিল।
  • ২০২৫জম্মু আৰু কাশ্মীৰত আৰক্ষীয়ে জামাত-ই-ইছলামি সংগঠনৰ সৈতে সম্পৰ্কিত ৬৬৮খন কিতাপ জব্দ কৰে।[1]
  • ১৭৭৯ - জেমছ কুক, ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক।
  • ১৯৮০ - ৰুদ্ৰ বৰুৱা, অসমীয়া গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা। লুইত কোঁৱৰ নামেৰে পৰিচিত। 'হয়েৰা জেতুকী বাই', 'পকা ধানৰ মাজে মাজে' আদি তেখেতৰ উল্লেখযোগ্য গীত। তেখেতে 'বনকোঁৱৰ' আনন্দিৰাম দাসৰ 'বনগীত'সমূহৰ উন্নতি সাধন কৰিছিল । (জন্ম: ২৬ নৱেম্বৰ, ১৯২৬)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "2025 in India" (en ভাষাত). Wikipedia. https://en.wikipedia.org/wiki/2025_in_India আহৰণ কৰা হৈছে: 28 April 2025.
  2. "Indianisation of Valentine's Day". The New Indian Express. February 15, 2011. http://www.newindianexpress.com/states/odisha/2011/feb/15/indianisation-of-valentines-day-227757.html.