- ১৬৩৩ - নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে গেলিলিঅ’ গেলিলি ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
- ১৯৩১ - ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
- ১৯৪৬ - ৰাষ্ট্ৰসংঘই ৰেডিঅ' সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
- ১৯৫৯ - পৃথিৱীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
- ২০০১ - মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
- ২০০৩ - যশ চোপ্ৰালৈ আজিৰ দিনটোতে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
- ২০২৫ – মণিপুৰত চলি থকা জাতিগত হিংসাৰ প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰে।[1]
- ১৫২১ - ফাৰ্ডিনেণ্ড মেগালান, পৰ্টুগীজ অভিযাত্ৰী।
- ১৯৬৯ - লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক।
- ১৯৭৪ - শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝংকাৰ, হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিল্পী।
- ২০০৩ - মেদিনী চৌধুৰী, অসমীয়া ঔপন্যাসিক, ভ্ৰমণ কাহিনী, বুৰঞ্জীমূলক গ্ৰন্থৰ প্ৰণেতা। ১৯৯৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 'ফেৰেংগাদাও' তেওঁৰ এখন বহুজন পঠিত জনপ্ৰিয় উপন্যাস।
- শিশু দিৱস (ম্যানমাৰ)।
- বিশ্ব ৰেডিঅ' দিৱস। ২০১২ চনত প্ৰথম ৰেডিঅ' দিৱস পালন কৰা হয়।