৮ জানুৱাৰী
অৱয়ব
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ||||
| ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
| ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
| ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
| ২০২৬ | ||||||
৮ জানুৱাৰী (ইংৰাজী: 8 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
[সম্পাদনা কৰক]- ১৯১২ - "আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা।
- ১৯১৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ।
জন্ম
[সম্পাদনা কৰক]- ১৮৭২ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ ২ মে' তাৰিখে তেখেতৰ মৃত্যু হয়।
- ১৯০৮ - ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
- ১৯০৯ - আশাপূৰ্ণা দেৱী, বঙালী ঔপন্যাসিক আৰু কবি।
- ১৯২৬ - কেলুচৰণ মহাপাত্ৰ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওদিছি নৃত্যৰ প্ৰসাৰক।
- ১৯৩৩ - সুপ্ৰিয়া দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৩৯ - নন্দা কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪২ - ষ্টিফেন হকিং, বৃটেইনৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী।
- ১৯৭৩ - মধুলিকা লিড্ডল, ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক।
মৃত্যু
[সম্পাদনা কৰক]- ১৩২৪ - মাৰ্ক’ প’ল’, ইটালীয় ব্যৱসায়ী তথা পৰিব্ৰাজক।
- ১৬৪২ - গেলিলিঅ' গেলিলি, বিখ্যাত জ্যোতিৰ্বিদ।
- ১৮৯৬ - পল ভেৰ্লেন, ফৰাচী কবি।
- ১৯৪১ - লৰ্ড বেডেন পাৱেল, বিট্ৰিছ সেনা বিষয়া, ‘স্কাউট’ শিক্ষা পদ্ধতিৰে প্ৰবৰ্তক।
- ১৯৫৫ - চৈয়দ মহম্মদ ছাদুল্লা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯৯৩ - কিৰণ বালা বড়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক।
- ২০২৫ - অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ ৯২ বছৰ বয়সত দেহৱসান ঘটে।[1][2][3]
দিৱস
[সম্পাদনা কৰক]- বিশ্ব টাইপিং দিৱস।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৮ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||
- ↑ Assam: Veteran Actress Gyanda Kakati Passes Away at 92
- ↑ এন ই নাও নিউজ (৯ জানুৱাৰী, ২০২৫). "অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী, কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ দেহাৱসান". নৰ্থ ইষ্ট নাও. https://assam.nenow.in/renowned-assamese-actress-and-singer-gyanada-kakati-passes-away/। আহৰণ কৰা হৈছে: 9 January 2025.
- ↑ "বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান...". অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক. ৯ জানুৱাৰী, ২০২৫. পৃষ্ঠাসমূহ: মুখ্য পৃষ্ঠা. https://www.asomiyapratidin.in/homepage/actress-gyanada-kakati-died-8603346। আহৰণ কৰা হৈছে: 9 January 2025.