- ৬২২ - হজৰত মহম্মদৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে।
- ১৮৫৬ - হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। [1]
- ১৮৮৩ - ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।
- ১৯৪৫ - নিউ মেক্সিক’ৰ এলম’গ’ৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল।
- ১৯৬৯ - চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান ‘‘এপল’—১১’’ আমেৰিকাৰ দ্বাৰা উৎক্ষেপন কৰা হৈছিল।
- ১৯৮৯ - তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
- ২০০৪ - আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাক মৃত্যুক কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱ ভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে।
- ১৮৭২ - ৰোৱাল্ড আমুণ্ডছেন,[2] নৰৱেৰ এণ্টাৰ্কটিকা অভিযানকাৰী।
- ১৮৮৮ - ফ্লিটজ জাৰাইনাক, পদাৰ্থ বিজ্ঞানী। তেওঁ পদাৰ্থ বিজ্ঞানৰ বাবে নোবেল লাভ কৰিছিল।
- ১৯০৯ - অৰুণা আছফ আলি, দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী। তেখেতৰ কাল্কা নামৰ এখন গাঁৱত জন্ম হৈছিল।
- ১৯৩০ - সুৰেন্দ্ৰ নাথ মেধি, অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত সাহিত্যিক।
- ১৯৩৩ - কনকসেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক। তেখেতে নলবাৰীৰ বেলশৰত জন্ম গ্ৰহণ কৰিছিল।
- ১৯৪৮ - সেৱাব্ৰত বৰুৱা, অসমীয়া নাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
- ১৯৬৮ - লেৰী ছেংগাৰ, আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক।
- ১৯৮৩ - কেটৰিনা কাঈফ, ইংৰাজ অভিনেত্ৰী।
- ১৯৮৫ - ৰণৱীৰ সিং, ভাৰতীয় অভিনেতা।
- গিনিপিগ কৃতজ্ঞতা দিৱস।
- বিশ্ব সৰ্প দিৱস